ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল বিলাসী বাহন

October 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত বাদুলিপাৰাত পথ দুৰ্ঘটনা।

গুৱাহাটীৰ পৰা যোৰহাটলৈ আহি থকা এ এছ ০১ ডি বি ৬৭৪৭ নম্বৰৰ এখন তীব্ৰবেগী বিলাসী বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি গৈ বাগৰি পৰিল পথৰ কাষত থকা এটা পুখুৰীত।

বাহনখনত অহা মুঠ পাঁচজন আৰোহীৰ চাৰিজন গুৰুতৰভাৱে আহত হয়।

আহতসকলক স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ দেৰগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে, গুৰুতৰভাৱে আহত হোৱা এগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল হস্পিতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, লোককেইজনে এটা গানৰ শ্বুটিঙৰ বাবে গুৱাহাটীৰ পৰা যোৰহাটলৈ আহিছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে চুইছ হালদাৰ, ইংৰাজ জ্যোতি দাস, মুন খাকলাৰী, আক্কাছ জ্যোতি শৰ্মা আৰু অংকুৰ বড়ো বুলি জানিব পৰা গৈছে।