ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন
January 28, 2022নিউজ ডেস্ক। বোকাজানত দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন।
কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত ৰঙাগড়া সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, খটখটীৰ ফুলবাৰীৰ পৰা গোলাঘাট অভিমুখী এখন AS 05 N 3725 নম্বৰৰ বিবাহযাত্ৰীৰ আৰ্টিগা বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।
সৌভাগ্যক্ৰমে কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা আটাইকেইজন বিবাহযাত্ৰী।
উক্ত দুৰ্ঘটনাৰ ফলত বাহনখনৰ কিছু ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাত কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই বুলি জানিব দিছে প্ৰত্যক্ষদৰ্শীয়ে।
লগতে চাওকঃ
কন্যাৰ বিয়াৰ যা-যোগাৰ চলাই থকাৰ মাজতে কৰ্তব্যৰত অৱস্থাত মৃত্যু আৰক্ষী বিষয়া পিতৃৰ
প্ৰয়াত স্বামীৰ চিকিৎসাৰ বাবে সংগ্ৰহ কৰা ৪০ লাখ টকা ক’ভিড ৰােগীৰ চিকিৎসাৰ বাবে আগবঢ়ালে পত্নীয়ে