ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই লুটি খাই পৰিল বলেৰ’ বাহন

November 24, 2021 0 By NEWS DESK

নিউজ ডেস্ক। হাউলীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত বাগৰি পৰিল বলেৰ’ বাহন।

হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এএছ ১৬এফ ৬৩৮১ নম্বৰৰ বলেৰ’ বাহনখন বৰপেটা ৰোড দিশৰ পৰা হাউলী দিশলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

উক্ত দুৰ্ঘটনাত বাহনখনত থকা দুজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

আহত লোককেইগৰাকীক ইতিমধ্যে হাউলীৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ ভৰ্তি কৰোৱা হৈছে।

ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰে।

লগতে চাওকঃ

অৱশেষত সন্ধান ওলাল কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ