ৰাষ্ট্ৰীয় ঘাই পথত বাগৰি পৰিল অভাৰলােড ট্ৰাক, আবদ্ধ হৈ পৰিল শ শ যান-বাহন

February 24, 2022 0 By NEWS DESK

নিউজ ডেস্ক। গহপুৰৰ কলাবাৰীত বুধবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন ষোল্ল চকীয়া ট্ৰাক ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰ দুৰ্ঘটনাগ্ৰস্ত হৈ কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে এএছ ০১ এলচি ৭১২২ নম্বৰৰ ষোল্ল চকীয়া ট্ৰাকখনে অভাৰলোড কঢ়িয়াই অনাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে।

ফলত ট্ৰাকচালকজন গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

উক্ত দুৰ্ঘটনাটোৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰাত দুয়োকাষে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।