ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত অসম কন্যাৰ সফলতা, ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়ালে কিৰণ ছেত্ৰীয়ে…

March 30, 2022 0 By Biraj Kalita

ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত অসম কন্যাৰ সফলতা।

ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়ালে অসম কন্যা কিৰণ ছেত্ৰীয়ে।

২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিলে উদীয়মান ক্ৰীড়া প্ৰতিভা কিৰণ ছেত্ৰীয়ে।

বিশ্বনাথ জিলাৰ হেলেমৰ হৰিশিঙাৰ জীয়ৰী কিৰণে কৰ্ণাটকৰ কণ‍্যাকুমাৰীত অনুস্থিত এই বৰ্ষৰ ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াই ৰূপৰ পদক অৰ্জন কৰিবল্য সক্ষম হয়।

উল্লেখ্য যে, এই প্ৰতিযোগিতা খনত কিৰণকে ধৰি বিশ্বনাথ জিলাৰ মুঠ ৯ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

বিশ্বনাথৰ প্ৰশিক্ষক মনজয় ছেত্ৰী আৰু আকাশ প্ৰধানৰ তত্বাৱধানত যোৱা খেলুৱৈসকলৰ ভিতৰত হেলেমৰ কিৰণে ৰূপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়।

উদীয়মান খেলুৱৈ গৰাকীৰ সাফল‍্যত অঞ্চলজুৰি আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে।