ৰাষ্ট্ৰীয় ঘাইপথত চিলনী চোৰৰ সন্ত্ৰাস, মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন…

July 6, 2021 0 By Biraj Kalita

ৰাষ্ট্ৰীয় ঘাইপথত চিলনী চোৰৰ সন্ত্ৰাস।

এগৰাকী মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন।

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা।

মঙলবাৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত দুই দুৰ্বৃত্তই বাইহাটা চাৰিআলিৰ গুণেশ্বৰী ডেকা কলিতা নামৰ মহিলাগৰাকীক লুটপাত চলায়।

জানিব পৰা মতে মহিলাগৰাকীয়ে আত্মীয়ৰ সৈতে এখন স্কুটীত ৰঙিয়া অভিমুখে আহি আছিল৷ কিন্তু তেনে সময়তে পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন৷

কেৱল সোণৰ চেইনডালেই নহয়, মহিলাগৰাকীৰ কাণফুলিও আঁজুৰি নিব বিচাৰিছিল যদিও ব্যৰ্থ হয়৷

ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে বাইকত অহা দুই দুৰ্বৃত্তই মৰাণজানাৰ পৰা স্কুটীখনৰ পিছ লৈ অহিছিল। আৰু অৱশেষত দুই চোৰে চেপ্তিৰ তেল ডিপোৰ সন্মুখতে চলায় এই লুটপাত।

চলন্ত স্কুটী আৰোহী ভুক্তভোগী মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ অলংকাৰ কাঢ়ি গতিয়াই থৈ যায় দুৰ্বৃত্তই। যাৰ ফলত আহত হৈছে মহিলাগৰাকী।

ক’লা ৰঙৰ পালচাৰ বাইকত আহিছিল দুই চোৰ। সোণৰ চেইন কাঢ়িয়ে ৰঙিয়া অভিমুখে পলাইন কৰে দুই দুৰ্বৃত্তই। জানিব পৰা মতে, প্ৰায় ৮০ হেজাৰ টকা মূল্যৰ আছিল সোণৰ চেইনডাল৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভুগী মহিলাগৰাকী।