ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল বালিভৰ্তি ডাম্পাৰ

December 8, 2021 0 By NEWS DESK

গোলাঘাট জিলাৰ দেৱৰাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পুৱা এখন ডাম্পাৰ হঠাৎ জ্বলি উঠাত অঞ্চলটোত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখ্য, নুমলীগড়ৰ পৰা যোৰহাটলৈ বালি কঢ়িয়াই অনা AS03 CC 0866নম্বৰৰ ডাম্পাৰখন যান্ত্ৰিক বিজুতিৰ পলত সন্মুখভাগ জ্বলি ছাৰখাৰ হয়।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত ডাম্পাৰখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

ডাম্পাৰখন নুমলীগড়ৰ প্ৰফুল্ল শইকীয়াৰ বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দেৰগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল