ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, আহত ১

December 9, 2021 0 By NEWS DESK

কামৰূপ জিলাৰ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ৮.৪৫ বজাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত হয় ৫০ উৰ্দ্ধৰ এগৰাকী লোক।

লোকজনৰ এতিয়ালৈকে পৰিচয় উদ্ধাৰ হোৱা নাই।

আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে নলবাৰীৰ মিহীৰ দত্ত নামৰ এজন যুৱক।

নলবাৰী দিশৰ অহা এএছ১৪ই ২৭৩৩ নম্বৰৰ এখন গ্লেমাৰ বাইকখনে খুন্দিয়াছিল লোকজনক।

অচিনাক্ত লোকজনক সংকটজনক অৱস্থাত ৰঙিয়া আৰক্ষীয়ে গুৰুতৰ অৱস্থাত ৰঙিয়া মহকুমা আসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওংক মৃত বুলি ঘোষণা কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! ওপজা দিনতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পাৰ্থ প্ৰতিমৰ