ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ সৈতে ই-ৰিক্সাৰ সংঘৰ্ষত যুৱতীৰ মৃত্যু
December 23, 2021নিউজ ডেস্ক। গােৱালপাৰা জিলাৰ দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা সংঘৰ্ষত নিহত এগৰাকী যুৱতী লগতে আহত কিশোৰী গৰাকীৰ মাতৃ।
নিহত যুৱতীগৰাকীৰ নাম ভাগৱতী দৈমাৰী।
উল্লেখ্য যে দুধনৈৰ পৰা মণ্ডলগ্ৰামস্থিত নিজ ঘৰলৈ ই-ৰিক্সাৰে গৈ থকা অৱস্থাত নোৱাপাৰাত ই-ৰিক্সাখনে পথ পাৰ হোৱাৰ সময়ত সংকেট দিয়াৰ পিছতো একে দিশৰ পৰা গৈ থকা এখন বাইকে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ফলত ই-ৰিক্সাত থকা ই-ৰিক্সা চালক সহ মাতৃ-কন্যা ক্ৰমে বনলতা দৈমাৰী আৰু ভাগৱতী দৈমাৰী ই-ৰিক্সাৰ পৰা চিটিকি পৰে ফলত গুৰুতৰভাৱে আঘাপ্ৰাপ্ত হয় যুৱতীগৰাকী।
ততাতৈয়াকৈ প্ৰত্যক্ষদৰ্শীয়ে ই-ৰিক্সাখন উঠাই সেই ই-ৰিক্সাখনতে আহত মাতৃ-কন্যা দুয়োগৰাকীকে দুধনৈ চিকিৎসালয়লৈ নিয়ে যদিও যুৱতীগৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
আনহাতে, গুৰুতৰভাৱে আহত মাতৃ বনলতা দৈমাৰীক চিকিৎসা প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে।
লগতে চাওকঃ
পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে চাৰিচকীয়া বাহন, বিনিময়ত বলেৰ’ বাহন আগবঢ়ালে আনন্দ মহিন্দ্ৰাৰ