ৰাষ্ট্ৰীয় ঘাইপথত বাইক-ট্ৰাকৰ সংঘৰ্ষ, নিহত ১

October 3, 2021 0 By NEWS DESK

নিউজ ডেস্কĀ। কাৰ্বি আংলং জিলাৰ ফুলনিৰ চেণ্টাৰ বজাৰত সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

উত্তৰ বনবিলা আউট প’ষ্টৰ অন্তৰ্গত ফুলনিৰ চেণ্টাৰ বজাৰত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

আৰ জে ১৪ জি এইচ ২৭৮৭ নম্বৰৰ বাইছ চকীয়া ট্ৰাকৰ সৈতে এ এছ ০৯জি ৪৭৭৯ নম্বৰৰ এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত ব্যক্তিজন ডিফুৰ চামফ্ৰি ইহি বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে নিহত ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে।