ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত মৃত্যু গুঁই সাপৰ, বিত্তমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰি ল’লে এই ব্যৱস্থা…

June 3, 2021 0 By Biraj Kalita

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ তলত আহাৰ ফলত মৃত্যু এটা গুঁই সাঁপৰ৷

গোলাঘাটলৈ যোৱাৰ পথতে বাগৰি ৰেঞ্জৰ ৰাষ্ট্ৰীয় ঘাইপথত মূৰত আঘাতপ্ৰাপ্ত অৱস্থাত গুঁই সাঁপটো প্ৰত্যক্ষ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে৷

বিত্তমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ঘটনা সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক অৱগত কৰে।

বনমন্ত্ৰীৰ নিৰ্দশতে ঘটনাস্থলীত কাজিৰক্ষা ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক বন বিষয়া উপস্থিত হয়৷

উদ্ধাৰকাৰী দলটোৱে মূৰত কেইবা ঠাইতো আঘাতপ্ৰাপ্ত গুঁই সাঁপটোক উদ্ধাৰৰ প্ৰচেষ্টা চলায় যদিও সকলো বিফল হৈ পৰে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক দ্বি-খণ্ডিত কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে চলাচল কৰা যান-বাহনৰ অত্যাধিক গতিবেগে সময়ে সময়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে বিপদ কঢ়িয়াই আহিছে৷

ইতিমধ্যে বাহনৰ খুন্দাত বহু জীৱ-জন্তুৰ মৃত্যু হৈছে ৷