ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা শিশুসহ ৫ জনৰ

August 24, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (পূৰ্বতে ৩৭ নং) ত এক ভয়াৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিত লুটি খাই পৰিল এখন বিলাসী বাহন। কথমপি প্ৰাণৰক্ষা শিশুসহ ৫ আৰােহীৰ।

ঘটনাৰ স্থান কামৰূপ জিলাৰ বকোৰ জাৰাপাৰা।

জানিব পৰা মতে, মঙলবাৰে পুৱা এখন বিলাসী ফৰছুনাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মাৰি খাৱৈত লুটি খাই পৰে।

মেঘালয়ৰ তুৰাৰ পৰা শ্বিলং অভিমুখে গৈ আছিল এমএল ১০এফ ০০০১ নম্বৰৰ ফৰছুনাৰ বাহনখন।

ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আহতসকলক নিকটৱৰ্তী অৰুণোদয় নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।