ৰাষ্ট্ৰীয় শক্তিৰে সম্পৰ্ক নথকা সকলো আঞ্চলিক দলৰে মিত্ৰতা হ’বঃ লুৰীণজ্যোতি গগৈ
December 23, 2020বুধবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে লুৰীণজ্যোতি গগৈয়ে।
খানাপাৰাৰ পৰা এক বিশাল বাইক ৰেলীৰে আদৰি আনি আন্ধাৰুবালিত ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় এজেপিৰ সভাপতিগৰাকীক।
সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই লুৰীণজ্যোতি গগৈয়ে কয়- ‘যিবোৰ আঞ্চলিক দলৰ ৰাষ্ট্ৰীয় শক্তিৰ সৈতে সম্পৰ্ক নাই সেই সকলোবোৰ দলৰ সৈতেই আমি মিত্ৰতা কৰিম। ঐক্যবদ্ধ আঞ্চলিক দলসমূহক ১২৬ সমষ্টিত টিকট দি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম।’