ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত অসমৰ দুই শিক্ষক, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

August 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অহা ৫ ছেপ্টেম্বৰ দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দুই শিক্ষক।

এই খবৰে ৰাজ্যবাসীৰ বাবে কঢ়িয়াই আনিছে গৌৰৱ।

এই কৃতী শিক্ষক দুগৰাকী হৈছে কামৰূপ জিলাৰ ৰঙিয়াৰ শিক্ষক বিনন্দ স্বৰ্গীয়াৰী আৰু যােৰহাটৰ কংকন কিশােৰ দত্ত।

অহা ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া শিক্ষক দিৱৰ দিনা দুয়ােগৰাকী শিক্ষকলে ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা হ’ব ২০২০-২১ বৰ্ষৰ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা।

এই বঁটাৰ বাবে সমগ্ৰ ভাৰতৰ মুঠ ৪৬ গৰাকী শিক্ষকক নিৰ্বাচিত কৰা হৈছে।

এই খবৰ বিয়পি পৰাৰ পাছতে ৰঙিয়াৰ কাউৰবাহা দেউলকুছিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিনন্দ স্বৰ্গীয়াৰীলৈ বিভিন্ন লোকে জনাইছে সম্বৰ্ধনা।

সুদীৰ্ঘ ২৫টা বছৰে শিক্ষকতা কৰি মানৱ সম্পদ গঢ়াত ব্ৰতি হৈ থকা শিক্ষক গৰাকীয়ে বড়ো ভাষাত ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে কিতাপো লিখি উলিয়াইছে।

সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত কাম কৰা শিক্ষকগৰাকীৰ কৃতীত্বকলৈ উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকল।

ইয়াৰ লগতে যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তলৈও বিভিন্নজনে আগবঢ়াইছে শুভেচ্ছা।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কৃতী শিক্ষক দুগৰাকীলৈ এই উপলব্ধিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।