ৰাস্তাৰ দাঁতিৰ দ খাৱৈত পৰিল নৈশবাছ, কথমপি প্ৰাণৰক্ষা ৩੦ যাত্ৰীৰ

February 3, 2022 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।

পুৱতি নিশা সংঘটিত হোৱা এখন নৈশ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ৩০ গৰাকীকৈ যাত্ৰীৰ।

বাইহাটা-মঙলদৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে এখন AS-01M-C6836 নম্বৰৰ নৈশ যাত্ৰীবাহী বাছখন।

দুৰ্ঘটনাগ্ৰস্ত বাছখন শিৱসাগৰৰ পৰা ধুবুৰীলৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰে।

অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰে প্ৰায় ৩০ জনতকৈও অধিক যাত্ৰীৰ।

লগতে চাওকঃ

এটিএম সালসলনি কৰি মহিলাৰ একাউন্টৰ পৰা দুৰ্বৃত্তই লুটি নিলে ডেৰ লক্ষাধিক!

স্কুটী আৰােহী দম্পতীক মহটিয়াই নিলে কয়লা পৰিবাহী ট্ৰাকে, মহিলাৰ মৃত্যু