ৰূপজ্যোতি কুর্মী মিছলীয়া, মিছা কথা কৈ ভোট লৈছেঃ অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ…

June 21, 2021 0 By Biraj Kalita

ৰূপজ্যোতি কুর্মী এজন মিছলীয়া, মিছা কথা কৈ আমাৰ ভোট লৈ গ’ল।

এই অভিযোগ কৃষক নেতা বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ।

ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দলৰ লগতে বিধায়ক পদ ত্যাগ কৰাৰ পাছতে এনেদৰে ক্ষোভ উজাৰে প্ৰিয়দা গগৈয়ে।

বিধায়ক কুৰ্মীৰ বিজেপি গমনক লৈ তীব্ৰ বিষেদ্গাৰ প্ৰকাশ কৰি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে কয় যে ৰূপজ্যোতি কুর্মীয়ে মৰিয়নি সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰিছে।

বিগত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অখিল গগৈৰ মাতৃক সেৱা কৰি নিজকে প্ৰিয়দা গগৈৰ সৰু পুত্ৰ বুলি ঘোষণা কৰি নিৰ্বাচনী যুঁজত নামি বিজয়ী হোৱা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিজেপি দলত যোগদান কৰাৰ উদ্দেশ্যে অসম বিধান সভাৰ পৰা পদত্যাগ কৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰে মাতৃ গৰাকীয়ে।