ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ…
July 24, 2021পুনৰ চৰ্চাৰ ন বিজেপি নেতা ৰূপজ্যোতি কুৰ্মী।
ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।
প্ৰাক্তন বিধায়ক গৰাকীয়ে ক’ভিড প্ৰট’কল ভংগ কৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ অভিযোগ তুলি ছাত্ৰ সংগঠনটোৱে এজাহাৰ দাখিল কৰিছে।
শুকুৰবাৰে যোৰহাট জিলাৰ মৰিয়নি থানাত এজাহাৰ দাখিল কৰে সংগঠনটোৱে।
এজাহাৰ খনত উল্লেখ কৰে যে, যোৰহাট জিলাত লকডাউন প্ৰযোজ্য হৈ থকাৰ পিছতো কুৰ্মীয়ে ক’ভিড প্ৰট’কল (ডিজাষ্টাৰ মেনেজমেণ্ট আইন ২০০৫) ভংগ কৰি প্ৰায় ২৫০ লোকক সমবেত কৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰে।
সভাখনত ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী বিমল বৰাও উপস্থিত আছিল বুলি সংগঠনটোৱে উল্লেখ কৰে এজাহাৰখনত।
সেয়েহে ক’ভিড বিধি উলংঘা কৰা প্ৰাক্তন বিধায়ক গৰাকীৰ ওপৰত আইনগত ব্যৱস্থা লোৱাৰ অনুৰোধ জনাই সংগঠনটোৱে।