ৰূপজ্যোতি কুৰ্মী এজন যুঁজাৰু নেতা, তেওঁ যিকোনো ৰাজনৈতিক দলৰ বাবে সম্পদঃ পীয়ুষ হাজৰিকা
June 18, 2021শুক্ৰবাৰে আনুষ্ঠানিকভাৱে বিধায়ক পদৰ লগতে কংগ্ৰেছ দল ত্যাগ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
বিধানসভাৰ অধ্যক্ষক পদত্যাক পত্ৰ দাখিল কৰাত তেওঁক সংগ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, বিধায়ক জয়ন্তমল্ল বৰুৱাই।
ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়- ‘ৰূপজ্যোতি কুৰ্মী এজন যুঁজাৰু নেতা। তেওঁ যি ৰাজনৈতিক দলত থাকে সেই দলৰ বাবে তেওঁ সম্পদ।কিয়নো তেওঁ কথা ক’বলৈ ভয় নকৰে।’
লগতে হাজৰিকাই কয়- কংগ্ৰেছ দলে মানি লওক বা নলওক ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ আচলতে কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি।
কংগ্ৰেছত শেষলৈকে এনে দুই এজন লোক হয়তো ৰৈ যাব যিসকলক আন কোনো দলে গ্ৰহণ নকৰে বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।