ৰেচন কাৰ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ! শেষ সময়সীমা ৩১ জুলাই…
June 29, 2021ৰেচন কাৰ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ।
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰেচন কাৰ্ড সন্দৰ্ভত এইবাৰ কৰিছে এক গুৰুত্বপূ্ৰ্ণ নিৰ্দেশনা।
দেশত ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড কাৰ্যকাৰী কৰাৰ কঠোৰ নিৰ্দেশ ন্যায়ালয়ৰ।
৩১ জুলাইৰ ভিতৰত কাৰ্যকাৰী হ’ব লাগিব এই নিয়ম।
প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিয়ম বলৱৎ কৰাৰ নিৰ্দেশ।
কেন্দ্ৰীয় চৰকাৰক এই নিৰ্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।
দেশৰ কোনো লোক যাতে অনাহাৰে নাথাকে তাৰো নিশ্চিত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে।