ৰে’লৱে ক্ৰচিঙত যাত্ৰীবাহী ৰে’লে মহটিয়ালে ই-ৰিক্সা
November 14, 2021ধেমাজীৰ মৰিঢ়ল কঠালগুৰিত ৰে’লে মহতীয়ালে ই-ৰিক্সাক।
গুৱাহাটীৰ পৰা জোনাই অভিমুখে গৈ থকা লাচিত এক্সপ্ৰেছে মহটিয়াই নিলে ই-ৰিক্সাখন।
উক্ত ৰে’লৱে ক্ৰছিং পাৰ হোৱা অৱস্থাত ৰে’লপথতে বিকল হৈ লাগি পৰে ই-ৰিক্সাখন।
ই-ৰিক্সাৰ চালকগৰাকীৰ লগতে স্থানীয় ৰাইজে ৰে’লপথৰ ওপৰৰ পৰা ঠেলি উলিবলৈ চেষ্টা কৰি থকাৰ সময়ত উজনি মুৱা তীব্ৰ বেগী লাচিত এক্সপ্ৰেছে ই-ৰিক্সাখনক খুন্দিয়াই প্ৰায় এক কিলোমিটাৰমান চোচৰাই নিয়ে।
ঘটনা সংঘটিত হোৱাৰ পিছতে ৰে’লখন ৰখাই ৰে’ল আৰক্ষীয়ে ই-ৰিক্সাখনৰ চালকগৰাকীৰ লগতে আৰোহী মাতৃ গৰাকীৰ ৰে’লত উঠাই লৈ যায়।