ৰে’লৱে ক্ৰ’ছিঙত যাত্ৰীবাহী ৰে’লৰ খুন্দাত চূৰ্ণ-বিচূৰ্ণ অল্ট’ গাড়ী

February 19, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিল ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান বেলতলী অঞ্চল।

ৰে’লৱে ক্ৰছিঙত যান্ত্ৰিক বিজুতিৰ বাবে আবদ্ধ হৈ পৰা এল্ট’ বাহনক মহটিয়াই নিলে এখন যাত্ৰীবাহী ৰে’লে।

কথমপি প্ৰাণৰক্ষা পৰিল অল্ট’ বাহনত থকা যাত্ৰীৰ লগতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰে’লখন।

সংঘৰ্ষৰ পাছতে অল্ট’ বাহনখনক ৰে’লে প্ৰায় এশ মিটাৰ দূৰত্বলৈকে মহটিয়াই লৈ যায়।

জানিব পৰা মতে, শিলিগুৰিৰ পৰা ধুবুৰী হৈ বঙাইগাঁওলৈ যোৱা ডি এম ইউ ৰে’লখনে ধুবুৰীলৈ আহি থকা সময়তে বালাজান বেলতলী অঞ্চলত ৰে’লৱে ক্ৰ’ছিং অতিক্ৰম কৰিবলৈ লোৱা এ এছ-১৭ কে-২২৮১ নম্বৰৰ গাড়ীখনত যান্ত্রিক বিজুতি ঘটে।

সেই মুহূর্ততে চলন্ত ৰে’লখনে চালকৰ সৈতে গাড়ীখনক মহটিয়াই লৈ যায়। ফলত চূর্ণ-বিচূৰ্ণ হৈ পৰা গাড়ীখনৰ ভিতৰত চালকজন আবদ্ধ হৈ পৰে।

গাড়ীৰ ভিতৰত গুৰুতৰভাৱে আবদ্ধ হৈ পৰা লোকজনক নালিয়া গাঁও পঞ্চায়তৰ নয়াৰচৰ অঞ্চলৰ বাসিন্দা ওহেদ আলীৰ ল’ৰা দিলবৰ বুলি চিনাক্ত কৰা হয়।

দুৰ্ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকৰ লগতে আলিপুৰ জংচনৰ ৰে’লৰ কেইবাজনো বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হয়।

প্রায় চাৰি ঘণ্টা ধৰি আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীয়ে চূর্ণ-বিচূৰ্ণ হৈ পৰা গাড়ীখন কাটি চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

লগতে চাওকঃ

কইনা আনিবলৈ গৈ দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন, দৰাসহ ৮ জনৰ মৃত্যু! নিঃশেষ হল এটা পৰিয়াল