ৰেষ্টুৰেণ্টত জুৱাৰ আড্ডা! শৌচালয়ৰ পৰা উদ্ধাৰ বৃহৎ পৰিমানৰ ধন, আৰক্ষীৰ জালত ৬ জুৱাৰী…

June 17, 2021 0 By Biraj Kalita

ৰেষ্টুৰেণ্টত জুৱা খেলৰ আড্ডা!

আৰক্ষীয়ে অতৰ্কিতে চলোৱা অভিযানত ৰেষ্টুৰেণ্টৰ পৰা আটক ৬ জুৱাৰী।

লগতে ৰেষ্টুৰেণ্টখনৰ শৌচালয়ৰ পৰা উদ্ধাৰ ৪ লাখৰো অধিক টকা।

লগতে উদ্ধাৰ কৰে ১২ বাণ্ডল তাঁচপাত।

বঙাইগাঁৱৰ যোগীঘোপা ফেমিলী ৰেষ্টুৰেণ্ট এণ্ড ৰিজৰ্টত এই অভিযান আৰক্ষীৰ।

ৰিজৰ্টখনৰ ১০৪ নং কোঠালীত জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে ছয়জন জুৱাৰীক।

জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ৪,৫৩,৮৯৭ টকা।

আৰক্ষীয়ে যোগীঘোপাৰ ছহিদুল হক, দেলৱাৰ হুছেইন, ছফিকুল ইছলাম আৰু গোৱালপাৰাৰ গণিৰুদ্দিন আহমেদ, মফিজুদ্দিন আহমেদ আৰু গৌতম তাঁতিক আটক কৰে।

ৰিজৰ্টখনৰ মেনেজাৰ নাজিৰুল হককো আটক কৰে আৰক্ষীয়ে।

দীৰ্ঘদিন ধৰি ৰিজৰ্টখনত বাহৰ পাতি জুৱাৰী কেইজনে চলাই গৈছিল জুৱাৰ আড্ডা।

ৰিজৰ্টখনৰ গৰাকী নজমুল ইছলাম ওৰফে বাবু খানৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহন কৰাৰ সম্ভাৱনা ।

উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসৰ নেতৃত্বত চলিছিল এই অভিযান।

আটক কৰা লোকসকলৰ ভিতৰত এগৰাকী স্বাস্থ্য বিভাগৰ আৰু এগৰাকী আৰক্ষীৰ লোক বুলি জানিব পৰা গৈছে