
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ DTO কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক ডিটিমণি গগৈ আৰু দালাল পংকজ শইকীয়া
October 19, 2022ৰাজ্যত পুনৰ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে।
পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত দুজন।
এইবাৰ ডিব্ৰুগড় জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এগৰাকী গাড়ীৰ মালিকৰ পৰা পথ কৰ অফলাইনত পৰিশোধ কৰাত সহায় কৰাৰ বিনিময়ত উৎকােচ লৈ ভিজিলেন্সৰ হাতত ধৰা পৰিল এজন দালালসহ ডিটিঅ’ কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক।
কাৰ্যালয়টোৰ কনিষ্ঠ সহায়ক ডিটিমণি গগৈক গ্ৰেপ্তাৰ।
লগতে পংকজ শইকীয়া নামৰ এজন দালালকো গ্ৰেপ্তাৰ।
৭০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ দুয়োজন।

এই কথা টুইট কৰি প্ৰকাশ কৰিছে ভিজিলেন্সৰ মুৰব্বী, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে।