
বনভোজ খাবলৈ গৈ লুইতৰ বুকুত ছাত্ৰৰ সলিল সমাধি
December 26, 2022নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।
বনভােজ খাবলৈ গৈ লুইতৰ বুকুত সলিল সমাধি ঘটিল এজন ছাত্ৰৰ।
কামৰূপ জিলাৰ শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত লাহেশ্বৰীত সংঘটিত হৈছে এই কৰুণ ঘটনা।
জানিব পৰা মতে, সমনীয়াৰ সৈতে বনভোজ খাবলৈ গৈ বামুন্দীৰ বান্ধৱপাৰা নিবাসী টিকেন ভূঞাৰ একমাত্র পুত্র তথা বামুন্দী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ স্নাতক প্রথম বাৰ্ষিকৰ ছাত্ৰ তীৰ্থজ্যোতি ভূঞা (১৬)ৰ ব্ৰহ্মপুত্ৰত ডুবি সলিল সমাধি ঘটে।
জানিব পৰামতে তীর্থজ্যোতি ভূঞাই লাহেশ্বৰী পামৰ ব্ৰহ্মপুত্ৰ চাপৰিত বনভোজ খাবলৈ গৈছিল।
ভাত খোৱাৰ পূৰ্বে সমনীয়াৰ লগত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল।
তীৰ্থজ্যোতি আৰু এজন বন্ধুৱে একেলগে ব্ৰহ্মপুত্ৰত গা ধুই আছিল যদিও এজনে সাঁতুৰি পাৰ হ’বলৈ সক্ষম হয় যদিও তীৰ্থ ব্ৰহ্মপুত্ৰৰ দ পানীত বুৰ যায়।
সাঁতুৰিব নজনা তীর্থক সমনীয়াসকলে উদ্ধাৰৰ চেষ্টা কৰে যদিও বিফল হয়।
পিচত শুৱালকুছি নদী আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পৰা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে।