দুটা হস্তনিৰ্মিত পিষ্টলসহ আটক এজন

July 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত খুদিমাৰী এলেকাত চিআৰপিএফ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই নিশা এজন যুৱকক আটক কৰাৰ লগতে দুটা হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ অভিযান কালত আটকাধীন হোৱা যুৱকজনক খুদিমাৰী দ্বিতীয় খণ্ডৰ গাঁৱৰ মোৱাৰক হুছেইন বুলি চিনাক্ত কৰা হৈছে।

এক গোপন তথ্যৰ ভিত্তিত চলাইছিল এই যৌথ অভিযান। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনক জেৰা অব্যাহত ৰাখিছে।