সেনাৰ বাহনৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, আহত ২

September 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ঢেকিয়াজুলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ঢেকিয়াজুলি থানাৰ অন্তৰ্গত ডাক বাংলাৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন সেনাবাহিনীৰ বাহন আৰু এখন ট্ৰাকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত দুয়োগৰাকী চালক গুৰুতৰভাৱে আহত হয়।

উক্ত দুৰ্ঘটনাটোৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথটোত তীব্ৰ জানযঁটৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত ঢেকিয়াজুলি যানবাহন আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত চালক দুগৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।