আৰক্ষীৰ জালত পৰিল দুই কুখ্যাত বাইক চােৰ, জব্দ চুৰি হােৱা বাইক

February 9, 2022 0 By NEWS DESK

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল দুটা গভাইত বাইক চােৰ।

জব্দ হ’ল এখন চুৰি হােৱা বাইক।

এই ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰুমাইগাভৰু।

জানিব পৰা মতে, স্থানীয় ৰাইজৰ সহযোগত কাকপথাৰ আৰক্ষীয়ে খুনচাঁও ৫নং তিনিআলিৰ এটা গেৰেজৰ পৰা এএছ ২৩ আৰ ১৭৭৮ নম্বৰৰ এখন চুৰি হােৱা চুপাৰ স্প্লেণ্ডাৰ বাইকখন জব্দ কৰে।

ইয়াৰ পাছতে নিশা ৰুমাইগাভৰুৰ বিভিন্ন স্থানত অভিযান চলাই কাকপথাৰ আৰক্ষীয়ে ১নং ৰুমাইগাভৰুৰ পৰা তৰুন গৌৰ আৰু ৫নং ৰুমাইগাভৰুৰ পৰা নোৱেল খাৰিয়া নামৰ দুটাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

চোৰ দুটাৰ পৰা অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰখা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।