APDCL ত কৰ্মৰত অভিযন্তাৰ এসপ্তাহে নাই কােনাে সন্ধান, পৰিয়ালত হাহাকাৰ

February 9, 2022 0 By NEWS DESK

নিউজ ডেস্ক। মহানগৰীৰ ভাৰাঘৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হ’ল এগৰাকী যুৱ অভিযন্তা।

যোৱা ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ভাৰাঘৰৰ পৰা ৰূমমেটক ১০ মিনিটৰ কথা কৈ ওলাই যোৱা গৌৰীপুৰ আলমগঞ্জৰ এ পি ডি চি এলত কৰ্মৰত অভিযন্তা পাৰভেজ আহমেদ (২৫) ওৰফে ৰাজাৰ বিগত ৮ দিন ধৰি নাই কােনাে সন্ধান।

ইয়াকে লৈ পাৰভেজৰ পৰিয়ালত লাগিছে হাহাকাৰ।

উল্লেখ্য যে পাৰভেজ আহমেদৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত আলমগঞ্জৰ গেৰামাৰী চতুর্থ খণ্ডত।

নিজৰ ভাৰাঘৰলৈ উভতি নহাত ৰূমমেট মিন্টু দাসে পৰিয়ালৰ লোকক খবৰ দিয়ে।

পৰিয়ালৰ লোকে গুৱাহাটীলৈ গৈ ২ ফেব্ৰুৱাৰীত দিছপুৰ থানাত পাৰভেজ সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰে ৷

দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কােনাে নিশ্চিত তথ্য লাভ কৰা নাই।

অৱশ্যে, মেঘালয়ৰ যোৰাবাটৰ পৰা ৰাস্তাৰ কাষত ৰখাই থোৱা অৱস্থাত পাৰভেজ আহমেদৰ গ্লেমাৰ বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কিন্তু এতিয়ালৈকে আৰক্ষীয়ে পাৰভেজ আহমেদৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

ইফালে, নিজ সন্তান সন্ধানহীন হোৱাত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে গৌৰীপুৰৰ ঘৰত।

পাৰভেজ আহমেদৰ পিতৃ-মাতৃকে ধৰি আত্মীয়-স্বজন সকলো শোকত ম্রিয়মাণ হৈ পৰিছে।

পাৰভেজ আহমেদক বিচাৰি উলিয়াই দিবলৈ পৰিয়ালৰ লোকে প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে।

কোনোবাই পাৰভেজ আহমেদৰ সন্ধান পালে ৮৬৩৮০৯৯৫৬২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে।

লগতে চাওকঃ

উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল দিছপুৰ সচিবালয়ৰ মহিলা কৃষি বিষয়া পাপৰি দাস…