APSCৰ ২০১৮ বৰ্ষৰ চূড়ান্ত ফলাফল ঘোষণা, শীৰ্ষ স্থান দখল গোলাঘাটৰ কংকন জ্যোতি শইকীয়াৰ!

December 24, 2020 0 By NEWS DESK

APSCৰ CEE ২০১৮ বৰ্ষৰ ফলাফল ঘোষণা।

বহু বিতৰ্কত অৱসান ঘটনাই ২০১৮ অসম লোকসেৱা আয়োগে ঘোষণা কৰিলে ফলাফল।

বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ফলাফল ঘোষণাৰ নিৰ্দেশ দিয়াৰ পাছতে বৃহস্পতিবাৰে ঘোষিত হয় ফলাফল।

১৩৫গৰাকী ACS, ৫৫গৰাকী ALRS, ৮গৰাকী APS হিচাপে উত্তীৰ্ণ হোৱাৰ লগতে সংলগ্ন কেইবাটাও বিভাগত বহুকেইগৰাকী উত্তীৰ্ণ হয়।

এই পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙীৰ পুৰাজংঘল গাঁৱৰ কংকনজ্যোতি শইকীয়াই।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত শইকীয়াই শীৰ্ষ স্থান দখল কৰে।

কংকন জ্যোতি শইকীয়াৰ সাফল্যত উৎফুল্লিত গোলাঘাটবাসী।