ATM প্ৰৱঞ্চকৰ জালত পৰি ২.৭০ লাখ টকা হেৰুৱালে এজন SBI গ্ৰাহকে!

June 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে বিত্তীয় প্ৰৱঞ্চনা ঘটনা। বিশেষকৈ ATM ৰ জালিয়াতিৰে বেংকৰ গ্ৰাহকক ৰামঠগন দি আহিছে প্ৰৱঞ্চকৰ দলে।

হাজোৰ ভেলকৰৰ এজন লোকৰ বেংক একাউণ্টৰ পৰা হৰলুকি হ’ল দুইলাখ সত্তৰ হাজাৰ টকা।

লোকজন হাজো ২ নং ভেলকলৰ ছনাম আলী।

এই লোকজনে এটিএমৰ জৰিয়তে ধন মােকলাব আহিছিল।

নিজেই এটিএম ব্যৱহাৰ কৰিব নজনাৰ বাবে সৰ্বস্ৰান্ত হ’ল ছালাম আলী নামৰ এই ব্যক্তিজনে। ধন উলিবলৈ এজন লোকৰ সহায় লৈছিল ছালাম আলীয়ে।

অভিযোগ উঠিছে যে সহায় খোজা লোকজনে পাছৱৰ্ড হেক কৰি উলিয়াই নিছে দুই লাখ সত্তৰ হাজাৰ টকা, এই অভিযোগ ছালাম আলী নামৰ লোকজনৰ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে বেংক কৰ্তৃপক্ষক অৱগত কৰা হৈছে। লগতে হাজো আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰা হৈছে।

লগতে চাওকঃ

ভাৰতৰ সীমাত প্ৰৱেশ কৰা বাংলাদেশী কিশােৰক উপহাৰ দি স্বদেশলৈ ঘূৰাই পঠিয়ালে বি এছ এফে