CBSEৰ আর্হিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন…

June 23, 2021 0 By Biraj Kalita

মঙলবাৰে শিক্ষা সংসদৰ কার্যালয়ত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ৯জনীয়া মূল্যায়ন কমিটীৰ প্রথমখন গুৰুত্বপূর্ণ বৈঠক৷

বৈঠকত সভাপতিত্ব কৰে মূল্যায়ন কমিটীৰ অধ্যক্ষ দীপক কুমাৰ শর্মাই।

পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হোৱা বৈঠকতে মূল্যায়ন কমিটীয়ে গ্রহণ কৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷

এই বৈঠকৰ অন্তত কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী বিষয়ৰ মূল্যায়ন সুকীয়াকৈ কৰা হ’ব বুলি উল্লেখ কৰে মূল্যায়ন কমিটীয়ে৷

লগতে এইবাৰ পৰীক্ষার্থীসকলক CBSE আৰু আন আন ৰাজ্যৰ মূল্যায়নৰ পদ্ধতিত কৰা হ’ব বুলি মন্তব্য কৰে মূল্যায়ন কমিটীৰ অধ্যক্ষ দীপক কুমাৰ শর্মাই৷

পৰীক্ষার্থীৰ যোগ্যতাৰ ভিত্তিত এইবাৰ মূল্যায়ন কৰা হ’ব বুলি স্পষ্ট কৰে অধ্যক্ষ দীপক কুমাৰ শর্মাই৷