CIDৰ গোচৰত জামিন পালে APSC কেলেংকাৰিৰ নায়ক ৰাকেশ পালে…
July 22, 2021CIDৰ গোচৰত জামিন পালে APSC কেলেংকাৰিৰ নায়ক ৰাকেশ পালে।
বৃহস্পতিবাৰে গুৱাহাটীৰ বিশেষ ন্যায়াধীশ আদালতে ৰাকেশ পালক CIDৰ গোচৰত জামিন মঞ্জুৰ প্ৰদান কৰে।
অৱশ্যে এই গোচৰত জামিন লাভ কৰিলেও পালে জেইলতে থাকিব লাগিব ৰাকেশ পাল।
কিয়নো ভঙাগড় আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰত এতিয়াও জামিন লাভ কৰা নাই পালে।
উল্লেখ্য যে, ছান কুমাৰ বৈশ্য নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত CID য়ে পালৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল।
চৰকাৰী চাকৰি প্ৰদানৰ নামত পালে লোকজনৰ পৰা বৃহৎ পৰিমানৰ ধন লোৱা বুলি অভিযোগ কৰিছিল।
পালৰ অধিবক্তাই কয়- ‘পালৰ বিৰুদ্ধে ৰুজু হৈ থকা চাৰিটা গোচৰৰ তিনিটাত জামিন লাভ কৰিলে। আজি আদালতে তেওঁক দুটা চৰ্তত জামিন প্ৰদান কৰে। পালে পাছপ’ৰ্ট আদালতত জমা দিব লাগিব আৰু কামৰূপ (মহানগৰ) জিলা এৰিব নোৱাৰিব।’