ColorsTVত সম্প্ৰচাৰ হ’ব উত্তৰ-পূৱৰ ওপৰত আধাৰিত ধাৰাবাহিক ‘নিমা ডেনজংপা’, অভিনয় কৰিব অসমৰ সুৰভি দাসে…
July 29, 2021ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।
ৰাষ্ট্ৰীয় টেলিভিশ্বনত স্থান লাভ কৰিছে অসমৰ এগৰাকী অভিনেত্ৰীয়ে।
শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্বন চেনেল ColorsTVত সম্প্ৰচাৰ হ’বলগীয়া উত্তৰ-পূৱৰ ওপৰত আধাৰিত ধাৰাবাহিক ‘Nima Denzongpa’ত দেখিবলৈ পাব অসমৰ অভিনেত্ৰী সুৰভী দাসক৷
ধৰাবাহিকখনৰ মুখ্য চৰিত্ৰ ‘নীমা’ৰ চৰিত্ৰটো ৰূপায়ণ কৰিব অসমৰ সুৰভীয়ে৷
সুৰভি দাস হৈছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।
সুৰভিয়ে অসমৰ ধাৰাবাহিক পৰিণীতাত অভিনয় কৰি জনপ্ৰিয় হৈছিল।
বুধবাৰে ছ’চিয়েল মিডিয়াযোগে ধাৰাবাহিকখনৰ ট্ৰেইলাৰ মুকলি কৰিছে কালাৰ্ছে।
Chhodkar Sikkim mein apno ka saath, thaama Nima ne apne pyaar ka haath! Par kya sapno ka sheher apnayega Nima ko apno ke jaisa ya kar dega usse paraaya?
— ColorsTV (@ColorsTV) July 28, 2021
Dekhiye #NimaDenzongpa, jald sirf #Colors par. pic.twitter.com/3HkaKJm3Gv
ইয়াৰ লগতে সুৰভীয়েও তেওঁৰ ইনষ্টাগ্ৰামযোগে ট্ৰেইলাৰটো শ্বেয়াৰ কৰিছে।
উত্তৰ-পূৱৰ ৰাজ্য ছিকিমৰ এখন গাঁৱৰ নিৱাসী নীমাই কেনেদৰে মায়ানগৰী মুম্বাইত নিজকে প্ৰতিষ্ঠা কৰে, সেইধৰণে নিৰ্মাণ কৰা হৈছে ধাৰাবাহিকখনৰ কাহিনীভাগ।
সুৰভিয়ে নিজৰ মনৰ কথা ইনষ্টাগ্ৰামৰ যোগেদি প্ৰকাশ কৰি কয় যে, সপোন বোৰ দেখিছিলো কেতিয়াবা সঁচা হব বুলি, কিন্তু এনেকৈ যে ভগৱানে উপহাৰ দিব ভবাই নাছিলোঁ। শুনিছিলো কিবা এটা বস্তু মনৰ পৰা বিচাৰিলে তাক পোৱা যায় আজি অনুভৱ কৰিছো ।
মৰম আৰু আশীৰ্বাদ কৰিব সদায় চেষ্টা কৰি যাম ।
জয় আই অসম ❤️।