GMCHত ডাঃ সেউজ কুমাৰ সেনাপতিক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে…

June 5, 2021 0 By Biraj Kalita

GMCHত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

হোজাইৰ উদালিত কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণত বলি হোৱা চিকিসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ডাঃ সেনাপতিৰ মাতৃ আৰু পৰিয়ালবৰ্গৰ সৈতেও বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ।

সুস্থ হৈ কৰ্তব্যত যোগদান কৰাৰ পিছত ডাঃ সেনাপতিক তেওঁৰ পছন্দৰ স্থানত সেৱা আগবঢ়াবলৈ চৰকাৰে সুবিধা প্ৰদান কৰিবঃ মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ক’ভিডৰ জটিল পৰিস্থিতিৰ মাজতো নিষ্ঠাৰে সেৱা আগবঢ়োৱা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সৈতে চৰকাৰ সদায় আছে আৰু থাকিব।

চিকিৎসকক আক্ৰমণ কৰা কোনো দোষী সাৰি যাব নোৱাৰে। দোষীয়ে কঠোৰ শাস্তি পাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।