GMCHত ২০০খন ICU বেডযুক্ত ক’ভিড হাস্পতাল মুকলি কৰি ৪০ গৰাকী নাৰ্ছক নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে…

July 6, 2021 0 By Biraj Kalita

GMCHত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে ২০০খন ICU বেডযুক্ত ক’ভিড চিকিৎসালয়।

চিকিৎসা মহাবিদ্যালয়খনৰ পাৰ্কিংত নিৰ্মাণ কৰা হৈছে ২০০ খন আই চি ইউ বিচনাযুক্ত ক’ভিড চিকিৎসালয়।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তও।

লগতে নতুনকৈ নিযুক্তি লাভ কৰা মুঠ ৮৯৬ গৰাকী নাৰ্ছৰ ৪০ গৰাকীক নিযুক্তি পত্ৰও প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘আজিৰ দিনটো স্বাস্থ্য সেৱাৰ বাবে মংগলময় দিন। ২০০টা প্ৰকল্পৰ ICU হোৱাটো গৌৰৱৰ দিন।অসমৰ স্বাস্থ্য সেৱাৰ সোণালী যাত্ৰাৰ এইয়া এক নতুন গাঠা। আজি ২০০ ICU মুকলি কৰি মূৰৰ পৰা ডাঙৰ বোজা এটা আঁতৰাই দিয়া যেন লাগিছে। স্বাস্থ্য বিভাগৰ সকলো বিষয়া–কৰ্মচাৰীক ধন্যবাদ জনাইছো।’

আনহাতে অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তইয়ো কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য।

তেওঁ কয়- মুঠ ৫৬৪ খন আই চি ইউ বেডৰ ৫০১ খন কোভিড ৰোগীৰ বাবে ব্যৱহাৰ কৰিম, বাকী থকা বেড কেইখন আন ৰোগীৰ বাবে থাকিব।আই চি ইউ বেড কেইখন ৮০ এম টি অক্সিজেনেৰে চলিব।আমাৰ হাতত বৰ্তমান ৬০০ এম টি অক্সিজেন মজুত আছে।

গুৱাহাটীত ক’ভিড নীতি শিথিল কৰাৰ পিছতে ক’ভিড সংক্ৰমণৰ সংখ্যা বাঢ়িছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিখন জিলাত এটাকৈ বেংক অব অক্সিজেন কনচেন্ট্ৰেটৰৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ।