GMCHত ২৮খন ICU বিছনাৰ কক্ষ মুকলি কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই…

May 25, 2021 0 By Biraj Kalita

 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত সংযোজন হ’ল ২৮খন ICU বিছনা।

সোমবাৰে GMCHত ICU বিছনাৰ কক্ষ মুকলি কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ সৈতে মুকলি কৰা এই আই চি ইউ কক্ষটো সোমবাৰৰে পৰা কার্যক্ষম হ’ব আৰু ইয়াত ক’ভিড নিগেটিভ হোৱা সংকটপূর্ণ ৰোগীক ৰখা হ’ব৷

ড০ শর্মাই কয়-কৰ’ণাত আক্রান্ত হোৱা গুৰুতৰভাৱে অসুস্থ ৰোগীৰ বাবে নাটনি হোৱা নাই আই চি ইউ৷ আজি নতুনকৈ সংযোজন হোৱা এই ২৮খন আই চি ইউত থকা ক’ভিড ৰোগী ক’ৰোনামুক্ত হৈছে, কিন্তু তেওঁলোকক আই চি ইউৰ আৱশ্যক হৈ আছে, সেই ৰোগীসকলকহে এই কক্ষত ৰখা হ’ব৷

ইয়াৰ ফলত ক’ভিড আক্রান্ত ৰোগীৰ বাবে খালী হ’ব আই চি ইউৰ বিছনা৷ কালাপাহাৰ ক’ভিড চিকিৎসালয় আৰু জি এম চি এইচত অহা ১০–১৫ দিনত পুনৰ ৩৮খন আই চি ইউ বিছনা সাজু কৰি তোলা হ’ব৷ আনহাতে, ১৫ জুনলৈ একেলগে ২০০ আই চি ইউ বিছনা ক’ভিড ৰোগীৰ বাবে সংযোজন কৰিব পৰা যাব৷