GMCH কৰ্তৃপক্ষৰ অনুমতি অবিহনেই চিকিৎসালয়ৰ পৰা ওলাই গৈছে অখিল গগৈঃ অধীক্ষক
July 2, 2021প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈ অৱশেষত মুকলি আকাশৰ তললৈ আহে।
বৃহস্পতিবাৰে ‘নিয়া’ৰ সকলো গোচৰৰ পৰা দোষমুক্ত হয় অকিল গগৈ।
দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ থকা অখিল গগৈয়ে বৃহস্পতিবাৰে দোষমুক্ত হৈয়ে চিকিৎসালয়ৰ পৰা গুচি যায়।
কিন্তু GMCH কৰ্তৃপক্ষৰ অনুমতি অবিহনেই চিকিৎসালয়ৰ পৰা ওলাই গৈছে অখিল গগৈ।
এই চাঞ্চল্যকৰ মন্তব্য কৰিছে GMCHৰ অধ্যক্ষ অভিজিৎ শৰ্মাই।
অধ্যক্ষ গৰাকীয়ে কয়- ডিচাৰ্জ ফৰ্মত চহী কৰি চিকিৎসালয়ৰ পৰা ওলাই গৈছে অখিল গগৈ। জি এম চি এইচ কৰ্তৃপক্ষই অনুমতি দিয়া নাছিল।
লগতে শৰ্মাই কয় যে তেখেতৰ বহুত সমস্যা আছে। কেইবাটাও ৰোগৰ সমস্যা আছিল। আমি তেখেতক ডিচাৰ্জ দিয়া নাছিলো তেখেতে নিজেই গুচি গৈছে।
গগৈ বৰ্তমান সুস্থ নহয় বুলি কয় অধীক্ষক শৰ্মাই। লগতে কয় যে তেখেতৰ এতিয়া কিবা হ’লে ইয়াৰ জগৰীয়া জি এম চি এইচ নহয়।
তেখেতে দুদিন ইয়াত থাকিব লাগিছিল তেতিয়া চিকিতসকে চাই জনালে হয় তেখেতক ডিচাৰ্জ কৰিব পাৰি নে নাই বুলি মন্তব্য অধ্যক্ষ গৰাকীৰ।