GMCH ত নকল পেচমেকাৰ বিক্ৰী কৰা ফাৰ্মাচীৰ মালিকসহ গ্ৰেপ্তাৰ ৪ জন

June 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ একাংশ ফাৰ্মাচীত বিক্ৰী হৈছে নকল পেচমেকাৰ!

হয়, একাংশ অসাধু ব্যৱসায়ীয়ে অসৎ পন্থাৰে ধন ঘটাৰ উদ্দেশ্যে ৰােগীৰ জীৱনক লৈ হেতালি খেলিছে।

ৰােগীৰ জীৱনৰ প্ৰতি চৰম ভাবুকি সৃষ্টিৰে যােগান ধৰিছে নকল পেচমেকাৰ।

খোদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদতে নকল পেচমেকাৰ বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল ফাৰ্মাচীৰ দুই মালিকসহ চাৰিজন লোক।

ধৃত লোক চাৰিজন হৈছে ৰ’দালি ড্ৰাগছৰ স্বত্বাধিকাৰী বিভাস পাটোৱাৰী (৫১) আৰু প্ৰবন্ধক জাহাংগীৰ হুছেইন (৫২), জেনিফাৰ মেডিকছৰ স্বত্বাধিকাৰী পূৰ্ণৰাম ডেকা আৰু যােগানকাৰী গােবিন্দ পােদ্দাৰ (৩৫)।

উল্লেখ্য যে জিএমচিএইচত চিকিৎসাধীন হৈ থকা এজন ৰোগীৰ বাবে অভিভাৱকে ৰ’দালি ড্ৰাগছৰ পৰা এটা পেচমেকাৰ ক্ৰয় কৰি নিয়ে। কিন্তু হাস্পতালৰ চিকিৎসকে পেচমেকাৰটো নকল বুলি ওভতাই পঠিয়াই।

ৰোগীৰ অভিভাৱকে পেচমেকাৰটো ওভতাই দি জেনিফাৰ মেডিকছৰ পৰা আৰু এখন পেচমেকাৰ ক্ৰয় কৰি চিকিৎসালয়ত যোগান ধৰে।

সেইখন পেচমেকাৰো নকল ধৰা পেলাই সমগ্ৰ ঘটনা সন্দৰ্ভত জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ভঙাগড় থানাত এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত ভঙাগড় থানাত ৩১২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে চাওকঃ

৮ ঘণ্টা জোৰা অভিযান! ১৮০ ফুট গভীৰ গাঁতৰ পৰা জীৱন্তে উদ্ধাৰ ৪ বছৰীয়া শিশু

কিংবদন্তি বক্সাৰ মহম্মদ আলীৰ কাহিনী আৰু পিতৃ-মাতৃৰ অনুপ্ৰেৰণাৰ বাবেই বক্সিঙলৈ আহিলােঃ লাভলিনা বৰগােহাঁই