GMCH ৰ পৰা ৰহস্যজনক ভাবে নিৰুদ্দেশ দুৰাৰোগ্য ৰোগত আক্ৰান্ত এগৰাকী মহিলা…

September 25, 2021 0 By Biraj Kalita

GMCH ৰ পৰা এগৰাকী মহিলা ৰহস্যজনক ভাবে নিৰুদ্দেশ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

 মহিলা গৰাকী ছয়গাঁও মথুৰাপুৰৰ।মহিলাগৰাকী নাম অৱলা বড়ো।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত মহিলাগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।

শুকুৰবাৰে আবেলি ৩ বজাত চিকিৎসালয়ৰ বাথৰূমত যোৱাৰ পৰা সন্ধানহীন হৈ পৰে মহিলা গৰাকী।

ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত মহানগৰৰ ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰে।

নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ বয়স প্ৰায় ৪৫ বছৰ।

কোনো ব্যক্তিয় মহিলা গৰাকীৰ সন্ধান সন্ধান পালে পুত্ৰ বিশ্ব বড়োৰ 9365606184 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।