IRBN জোৱান সহ ৪ ড্ৰাগছ আসক্তক আটক আৰক্ষীৰ

October 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল ড্ৰাগছ আসক্ত জােৱানসহ ৪ যুৱক।

অৰুণাচল প্ৰদেশৰ IRBNৰ জোৱানসহ চাৰিজন ড্ৰাগছ আসক্ত যুৱকক আটক বিশ্বনাথ আৰক্ষীৰ।

জানিব পৰা মতে, বিশ্বনাথৰ গাড়ীগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ইটাপাৰাত AR01F 7076 নম্বৰৰ এখন ছুইফট বাহন লৈ অৰুণাচল প্ৰদেশৰ পৰা অহা যুৱক ক্ৰমে জিছকেলতানা তাদবাটে, বিনয় কৰ্মকাৰ আৰু ভোলা মিশ্ৰ নামৰ যুৱকৰ লগত ড্ৰাগছ আদান-প্ৰদান কৰি থকাৰ সময়তে স্থানীয় ৰাইজে সন্দেহ হোৱাত যুৱককেইজনক সোধ-পোছ ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা বুলি জানি গাড়ীগাঁও আৰক্ষীৰ লগত যোগাযোগ কৰে।

গাড়ীগাঁও আৰক্ষীয়ে চাৰিওজনকে আটক কৰি আৰু অধিক তথ্যৰ বাবে যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে।

ভোলা মিশ্ৰই অৰুণাচলৰ বান্দদোৱাৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আহিছে বুলি আটকাধীন ভোলাই নিজে জানিবলৈ দিছে।

উল্লেখযোগ্য যে জিছকেলতানা অৰুণাচলৰ প্ৰদেশৰ আই আৰ বি এনৰ জোৱান বুলি জানিব পৰা গৈছে।