NCB ৰ অভিযানত গ্ৰেপ্তাৰ পাখি মিঞাৰ পুত্ৰসহ ৩ ড্ৰাগছ সৰবৰাহকাৰী, জব্দ ১৪কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ

February 19, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ কেন্দ্ৰীয় সংস্থাৰ অভিযানত জব্দ ১৪ কােটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ।

মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেটত চলিল নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰো চমুকৈ এনচিবিৰ অভিযান।

এই অভিযানত জব্দ কৰা হ’ল বৃহৎ পৰিমাণৰ নিষিদ্ধ মৰফিন।

জানিব পৰা মতে, মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এএচ-০১ইভি-৮৪৯৩ নম্বৰৰ এখন মাৰুতি জিপচি আৰু এএছ-০৩এইচ-৩১৯১ নম্বৰৰ এখন মাৰুতি ছুইফ্ট বাহনখনৰ বিভিন্ন গোপন স্থানত লুকুৱা আনিছিল চক্ৰটোৱে জব্দকৃত ড্ৰাগছখিনি।

উক্ত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১৪ কোটিৰো অধিক বুলি জানিব পৰা গৈছে।

অভিযানকাৰী দলটোৱে ঘটনাৰ সৈতে জড়িত কুখ্যাত ড্ৰাগছ মাফিয়া পাখি মিঞাৰ পুত্ৰসহ তিনিজনকৈ সৰবৰাহকাৰীক আটক কৰি গুৱাহাটী মহানগৰীৰ এন চি বিৰ মূখ্য কাৰ্যালয়ত জেৰা চলাইছে।