NRC ৰ কাম এতিয়াও আধৰুৱা হৈ আছে, হিন্দুসকলৰ বাবে ন্যায় অত্যন্ত জৰুৰীঃ হিমন্ত বিশ্ব শৰ্মা

December 25, 2020 0 By NEWS DESK

NRC সন্দৰ্ভতএইবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কৰিমগঞ্জত সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে কয়- ‘ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম এতিয়াও আধৰুৱা হৈ আছে আৰু বৰাক উপত্যকাত থকা হিন্দু সকলৰ লগত ন্যায় হোৱাটো অত্যন্ত আৱশ্যক।’

NRCৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলা সন্দৰ্ভত অভিযোগ কৰি মন্ত্ৰী শৰ্মাই কয়- হাজেলাৰ বাবে NRCৰ কাম সম্পূৰ্ণ নহ’ল।

তেওঁ লগতে কয়- ‘আমি বৰাক উপত্যাকাৰ হিন্দু সকলক ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি কৰিছো।আমি প্ৰায় ৯০ শতাংশ কাম আৰম্ভ কৰিছো । হিন্দু সকলক ন্যায় প্ৰদান কৰাৰ বাবে আৰু কিছু কাম এতিয়াও কৰাৰ আৱশ্যকতা আছে। মা ভাৰতীক মানি চলা বহুলোক এতিয়াও শৰণাৰ্থী শিবিৰত আছে।’

উল্লেখ্য যে, এন আৰ চিৰ অন্তিম খচৰা বিগত বৰ্ষৰ আগষ্ট মাহত প্ৰকাশ পাইছিল।