NSCN(K) ৰ লিংকমেন আটক ভাৰতীয় সেনাৰ, পিষ্টল জব্দ

December 3, 2020 0 By NEWS DESK

নিউজৰ ডেস্ক। নিষিদ্ধ উগ্ৰপন্থী সংগঠন NSCN (K)ৰ এজন লিংকমেন জালত পৰিল ভাৰতীয় সেনাৰ।

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ধাদুমীয়া গাঁৱৰ পৰা পিষ্টসহ এজন লিংকমেনক আটক কৰে সেনাৰ এটা অভিযানকাৰী দলে।

জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি ভাৰতীয় সেনা বাহিনীৰ এটা দলে এটা ৭.৬৫ এমএম পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলীসহ চাহিদ আলী (২੦) ওৰফে লেঙেৰি নামৰ লিংকমেনজনক আটক কৰে।

এই যুৱকজনৰ ঘৰ শিৱসাগৰৰ নামতি চাৰিআলিত বুলি জানিব পৰা গৈছে।

সেনাই যুৱকজনক মেৰাথন জেৰাৰ অন্তত পৰৱৰ্তী তদন্তৰ বাবে নাহৰকটীয়া আৰক্ষীক গতাই দিয়ে।