NSG নহয়, CRPFয়ে নিৰাপত্তা নিশ্চিত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
July 5, 2021NSG নহয়, CRPFয়ে নিৰাপত্তা নিশ্চিত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
কেন্দ্ৰীয় গৃহ দপ্তৰৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।
গৃহ দপ্তৰৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে অসমৰ আইন-শৃংখলা পৰিস্থিতি এতিয়া যথেষ্ট উন্নত।
সেয়ে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব এনএছজিৰ সলনি চিআৰপিএফৰ ওপৰতে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য যে, ২০১৭ চনৰে পৰাই ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত চিআৰপিএফ নিয়োজিত হৈ আছে।
উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিভিআইপিৰ Z+ কেটেগৰীৰ নিৰাপত্তাত নিয়োজিত ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডক ভিভিআইপিৰ নিৰাপত্তাৰ পৰা আঁতৰাই দেশৰ নিৰাপত্তাত নিয়োজিত কৰাৰ পোষকতা কৰিছিল।
দৰাচলতে এনএছজিৰ কাম ভিভিআইপিক নিৰাপত্তা দিয়া নহয়, তেওঁলোকৰ কাম হৈছে সংকটৰ সময়ত বিশেষকৈ সন্ত্ৰাসবাদী আদিৰ আক্ৰমণত দেশক সুৰক্ষা দিয়া।
সেইবাবেই ভিভিআইপিৰ নিৰাপত্তাৰ পৰা এনএছজি আঁতৰ কৰাৰ পোষকতা কৰা হৈছিল।
সৰ্বানন্দ সোণোৱালে চলিত বৰ্ষৰ ১০ মে’ৰ দিনা স্বেচ্ছাই এনএছজি নিৰাপত্তা ত্যাগ কৰিছিল।
২০১৬ চনত কেন্দ্ৰত বিজেপি শাসনলৈ অহাৰ পিছত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এনএছজি নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল।
একেদৰে এনএছজি নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছিল প্ৰফুল্ল কুমাৰ মহন্তৰো।