ONGCৰ অপহৰণ কাণ্ডত টকাৰ বিনিময়ত বাইক দি গ্ৰেপ্তাৰ ডিব্ৰুগড়ৰ যুৱক

April 24, 2021 0 By Biraj Kalita

শিৱসাগৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেল।

শিমলুগুৰি আৰক্ষী থানাত সংবাদ মেল শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাৰ।

ONGCৰ তিনি কৰ্মচাৰী ক্ৰমে মোহিনী মোহন গগৈ,অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াকৰ অপহৰণ কাণ্ড সন্দৰ্ভত সংবাদমেল।

উক্ত অপহৰণ থলীৰ পৰা কিছু আঁতৰাত পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এখন বাইক।

নম্বৰপ্লেট বিহীন উক্ত বাইকখনৰ চেছিচ নম্বৰ আৰু ইঞ্জিন নম্বৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান কৰি ডিব্ৰুগড়ৰ পৰা কালি বিৰাজ চেতিয়া নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

বিৰাজ চেতিয়াই আলফা কেডাৰ বিপ্লৱজ্যোতি মহনৰ লগত থকা চিনাকি সূত্ৰে অপহৰণ কাণ্ড সংঘটিত কৰিবৰ বাবে এখন বাইক যোগাৰ কৰি দিছিল।

মহনে উক্ত কামৰ বাবে বিৰাজ চেতিয়াৰ একাউণ্টত ২০ হাজাৰ টকা ভৰাই দিছিল, যি টকাৰে বিৰাজে ১৮ হাজাৰ টকাৰে উক্ত বাইকখন ক্ৰয় কৰি মৰাণত দুজন যুৱকক গতাই দিছিল।

আৰক্ষীৰ তদন্তত এই সমস্ত বিষয় পোহৰলৈ অহাৰ পাছত শিৱসাগৰ আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰে বিৰাজ চেতিয়াক।