ONGCৰ ৩ কৰ্মচাৰীৰ অপহৰণ কাণ্ডত সৈতে অসম আৰক্ষীৰ জোৱান জড়িত থকাৰ অভিযোগ, এজনক গ্ৰেপ্তাৰ…

April 26, 2021 0 By Biraj Kalita

ONGCৰ তিনি কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ তথ্য।

অসম কঁপাই যোৱা এই অপহৰণ ঘটনাৰ সৈতে অসম আৰক্ষীৰ তিনি জোৱান জড়িত থকাৰ অভিযোগ।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী আৰক্ষী কনিষ্টবল।

শদিয়া জিলাৰ জজলি তেলীকলা নিবাসী বসন্ত বুঢ়াগোহাঁই নামৰ আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।

অএনজিচি’ৰ নিৰাপত্তাৰ দায়িত্বত থকা ২৫ নং অসম পুলিচ বেটেলিয়নৰ জোৱান আছিল বসন্ত বুঢ়াগোহাঁই।

বৰ্তমান অএনজিচি অসম সম্পদৰ লাকুৱাস্থিত ৮ নং জিজিএছ’ৰ নিৰাপত্তাৰ দায়িত্বত আছিল বসন্ত বুঢ়াগোহাঁই।

আনহাতে অপহৰণ ঘটনাৰ সৈতে জড়িত থকা আন দুজন আৰক্ষী জোৱান ক্ৰমে তপন বুঢ়াগোহাঁই আৰু উপেন গগৈ নামৰ আন দুগৰাকী ২৫ নং বেটেলিযেনৰ জোৱান বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে।

আনহাতে অপহৰণ ঘটনাৰ সৈতে জড়িত থকাৰ তথ্য অস্বীকাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।

ডিব্ৰুগড় আৰক্ষীৰ উচ্চপদস্থ বিষয়াই বসন্ত বুঢ়াগোহাঁইক আলফাৰ নামত ধন দাবীৰ এক ঘটনাৰ লগত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰা বুলি জানিব দিছে।

যোৱা ১৩ এপ্ৰিলত আলফাৰ নামত ধন দাবীৰ এক ঘটনাৰ ৪০/২১ নং এক গোচৰ ৰুজু হৈছিল ডিব্ৰুগড় জিলাৰ টেঙাখাত থানাত।উক্ত গোচৰত বসন্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেওঁৰ লগত যোগাযোগ থকাৰ সন্দেহত তপন বুঢ়াগোহাঁই আৰু উপেন গগৈৰ সন্ধান কৰি থকা হৈছে বুলি ডিব্ৰুগড় আৰক্ষীয়ে জানিব দিছে।

উল্লেখ্য যে  মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক সুস্থ শৰীৰে উদ্ধাৰ কৰা হ’ল যদিও এই পৰ্যন্ত সন্ধান ওলোৱা নাই ONGCৰ তৃতীয়জন অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ।