ONGC-ৰ তিনি অপহৃত বিষয়াৰ সন্দৰ্ভত আলফা স্বাধীনৰ চাঞ্চল্যকৰ বিবৃতি

April 24, 2021 0 By Biraj Kalita

ONGC-ৰ তিনি অপহৃত বিষয়াৰ সন্দৰ্ভত আলফা স্বাধীনৰ চাঞ্চল্যকৰ বিবৃতি।

তিনি অপহৃত বিষয়াৰ মুক্তিক লৈ বিবৃতি প্ৰকাশ কৰিছে আলফাই।

বিবৃতিত আলফাই উল্লেখ্ কৰিছে- আমি তিনিও জনকে মুকলি কৰি দিছো।ৰহস্যজনক ভাৱে ৰিতুল শইকীয়া সন্দৰ্ভত কোনো স্থিতি গ্ৰহণ কৰা নাই সেনাই।

আলফাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত কয় যে আলফা(স্বাঃ) আৰু এন এচ চি এনে অ’ এন জি চিৰ কৰ্মচাৰী তিনিজনক নিজৰ তত্ত্বাৱধানত লোৱাৰ পিছত সেনা, অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে প্ৰায় পাঁচ শতাধিক সামৰিক বাহিনীৰ দ্বাৰা অভিযান চলাইছিল।

এই অভিযানৰ সময়ত যোৱা নিশা ১০ বজাৰ পৰা ২.৩০ বজালৈ দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হোৱাত নিৰাপত্তাৰ স্বাৰ্থত অপহৃত তিনিওজন বিষয়াকে আমি মন জিলাৰ টক’ক চিংখু গাঁৱত মুক্তি দিছো।

সেয়ে আলফা (স্বা)এ সন্দেহ প্ৰকাশ কৰিছে যে ৰিতুল শইকীয়া সেনাৰ গুলীত নিহত হৈছে বা তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে লুকুৱাই ৰাখিছে।

অনাংক্ষিত ঘটনাৰ বাবে আমি দায়ী নহয়ঃ আলফা।

এই সমগ্ৰ ঘটনাটোৰ বাবে অ’ এন জি চিক মূল দায়ী সজাই অনাগত দিনত প্ৰতিষ্ঠানটোৱে ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব বুলিও স্পষ্ট কৰি দিয়ে আলফা(স্বাঃ)ই।