SSB অভিযানত ৮৩ কেজি পহুৰ মাংসসহ গ্ৰেপ্তাৰ দুই চোৰাং চিকাৰী…
March 8, 2022SSB অভিযানত ৮৩ কেজি পহুৰ মাংসসহ গ্ৰেপ্তাৰ দুই চোৰাং চিকাৰী।
চিৰাঙৰ ভাৰত-ভূটান সীমান্ত এলেকাৰ দমদম বজাৰ এলেকাত সশস্ত্ৰ সীমা বল চমুকৈ এচএচবিৰ ১৫ নং বেটেলিয়ানে অভিযান চলাই উদ্ধাৰ কৰে পহুৰ মাংসখিনি।
লগতে দুজন চোৰাং চিকাৰীকো আটক কৰে অভিযানকাৰী দলটোৱ।
চোৰাং চিকাৰী দুজনৰ পৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰা হয়।
আটকাধীন চোৰাং চিকাৰী দুজনক বিজনী থানাৰ অন্তৰ্গত কুমাৰশালী এলেকাৰ সৌৰাং নাৰ্জাৰী (১৮) আৰু ডিমাঝোৰা গাঁৱৰ ৰংগালু বসুমতাৰী (১৮) বুলি চিনাক্ত কৰা হৈছে।
আটকাধীন চোৰাং চিকাৰী দুজনৰ লগতে জব্দ কৰা সামগ্ৰী খিনি কুকলং ৰেঞ্জ অফিচত গতাই দিয়া হয়।