UPPLৰ বিধায়ক লেহোৰাম বড়ো ক’ভিড-১৯ ত আক্ৰান্ত…

May 27, 2021 0 By Biraj Kalita

কৰ’ণাত আক্ৰান্ত UPPLৰ বিধায়ক লেহোৰাম বড়ো।

তামুলপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল UPPLৰ বিধায়ক লেহোৰাম বড়ো

তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত কৰা ৰেপিড টেষ্টত বিধায়ক গৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে।

বিধায়ক গৰাকীৰ অক্সিজেন লেভেল হ্ৰাস পোৱাৰ ফলত শাৰিৰীকভাৱে অসুস্থ হৈ পৰে৷

জানিব পৰা মতে বৰ্তমান উন্নত চিকিৎসাৰ বাবে বিধায়ক গৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে বুধবাৰে আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাও ক’ভিডত আক্ৰান্ত হৈ শিৱসাগৰ নগৰ আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।