যুৱতী সন্ধানহীন

নিউজ ডেস্ক। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ২ নং বৰালিমাৰি গাঁৱত যুৱতী নিৰুদ্দেশৰ ঘটনা।

যুৱতীৰ সন্ধান বিচাৰি হাহাকাৰ পৰিয়ালৰ।

নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী বৰালিমাৰি গাঁৱৰ পৰা চামীম চুলতানা নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যই সৃষ্টি কৰিছে।

যোাৱা ১০ আগষ্টৰ পুৱাৰ ভাগত নিজৰ বাসগৃহৰ পৰা ওলাই গৈ ঘৰলৈ ঘূৰি নহাত যুৱতীগৰাকীৰ পিতৃ ছহিদুল ইছলাম আৰু মাতৃ ফজুলা খাতুনৰ লগতে পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে।

পৰিয়ালৰ আত্মীয়-স্বজনৰ ঘৰত যুৱতীগৰাকীক বিচাৰি কোনো শুং-সূত্ৰ লাভ নকৰি ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপি এখন এজাহাৰ দাখিল কৰে যুৱতীগৰাকীৰ পৰিয়ালে।

কোনো লোকে নিৰুদ্দিষ্ট যুৱতীগৰাকীৰ সম্ভেদ পালে ৯৭০৭৫-৫০৫১১ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গই।

Leave a Comment